top of page

Frequently Asked Questions (F.A.Q.)

 

  • প্ৰ:- Pagemaker-অত ‘ক্স’ আৰু ‘ক্ট’ এই দুটা কেনেকৈ লিখে জনাব নেকি? (যেনে- ‘ৰিক্সা’, অক্টোবৰ)

  • উ:- Pagemaker-টো খোলক, কী ব’ৰ্ডত Ctrl+K মাৰক। তাৰ পিছত MORE-অত ক্লিক কৰক। য’ত < use typographer's quote > লিখা আছে তাৰ সোঁফালে uncheck কৰক আৰু OK বুটামত ক্লিক কৰক।

  • প্ৰ:- Photoshop-অতো ‘ক্স’ আৰু ‘ক্ট’ -এই দুটা নাহিলে কি কৰিব লাগিব?

  • উ:- Pagemaker-অৰ দৰেই Preferenceত যাবৰ বাবে Ctrl+K টিপক। Photoshop-অত ‘Use smart quotes' এই option-অত uncheck কৰি OK টিপক।

  • প্ৰ:- MS-Word 2007-অত পিছে কেনেকৈ ‘ক্স’ বা ‘ক্ট’ নহা অসুবিধাটো দূৰ কৰিম?

  • উ:- MS-Word-অৰ Office button-অত ক্লিক্ কৰক। তলৰ ফালে Word Option-অত ক্লিক কৰক। তাৰ পিছত Proofing আৰু Auto Correct Option'ত ক্লিক কৰক। ইয়াত Auto Format আৰু Auto Format as you type দুয়োটা TAB-তে ‘Straight quotes’ with ‘Smart quote’ Option-টো uncheck কৰি দিয়ক। এতিয়া 'OK' ত ক্লিক্ কৰি ওলাই আহক। এতিয়া টাইপ কৰি চাওক। ms-word-অৰ বাকী version বিলাকটো য’ত Auto Format Option-টো আছে সেইবোৰতো এইদৰেই unckeck কৰি ল’ব।

  • প্ৰ:- Pagemaker-অত Geetanjali ফন্টত টাইপ কৰিব পৰা নাই। মানে ইনষ্টল কৰাৰ পিছতো ফন্ট দেখুওৱা নাই। কিন্তু বাকী ৱৰ্ড বা আন এপ্লিকেইশ্বনত Geetanjali ফন্ট আহিছে। কি কৰিব লাগিব?

  • উ:- Pagemaker-অত সৰ্বমুঠ ৭০০ ফন্ট ফাইলতকৈ বেছি ফন্ট ফাইল প্ৰচেছিং কৰিব পৰা নাযায়। আমি এটা কথা জানি থোৱা প্ৰয়োজন, একোটা ফন্টত কেতিয়াবা এটাতকৈ বহু বেছি ফন্ট ফাইল থাকে। যেনে ধৰক Arial ফন্টত প্ৰায় ৯টা মান ফন্ট ফাইল থাকে। তেনেকৈ windows-অত ইনষ্টল কৰা ফন্ট বিলাক প্ৰচেছিং কৰি ৭০০ ফন্টৰ ওপৰত বাকী বিলাক ফন্ট Pagemaker-ৰে বাদ দিয়ে বা নিজৰ অধীনত আনি কামত লগাব নোৱাৰে। গতিকে পিছত ইনষ্টল কৰা ফন্টবিলাক আৰু দেখা নাপায়। গতিকে ৰামধেনুৰ ফন্টবিলাক তেনে ক্ষেত্ৰত Pagemaker-অত নাহিব পাৰে। এনে ক্ষেত্ৰত windows fonts-ৰ পৰা কিছুমান কম গুৰুত্বপূৰ্ণ ফন্ট delete কৰি দি বা বেলেগ ফল্ডাৰত cut & paste কৰি থৈ দি ৰামধেনু ফন্টবিলাক ইনষ্টল কৰক, তাৰ পিছত কপি কৰি থোৱা ফন্টবিলাক আকৌ ইনষ্টল কৰিব পাৰিব।

  • প্ৰ:- ABTT Geetanjali font-টো ফ্লেক্স আদিৰ বাবে ডাঙৰ কৰি দিওঁতে একোটা বিন্দু আহে। ইয়াক গুচাব নোৱাৰি। অসুবিধা হয়। কি সমাধান আছে?

  • উ:- ABTT Geetanjali font ৰ Version-2 বা তাৰ পিছৰ ভাৰ্চনৰ ফন্ট ইনষ্টল কৰক।

  • প্ৰ:- মোৰ কম্পিউটাৰত বেছি ফন্ট নাই কিন্তু তথাপিতো Geetanjali আদি ফন্টবিলাক দেখুওৱা নাই। কি কৰিব লাগিব?

  • উ:- ইয়াৰ সমাধান দুটা আছে,

  • ১) আমাৰ ৰামধেনু ফন্টৰ চি ডি বা ডি ভি ডিটো খোলক। তাত Font Collection বুলি এটা folder-অৰ ভিতৰত RDH Old Font আৰু তাৰ পিছত PFM বুলি folder আছে, তাত থকা ফন্ট বিলাক Ctrl+A মাৰি সকলোবিলাক একেলগে select কৰক। তাৰ ওপৰত right click কৰক। আৰু Install বা Install for all user-ত ক্লিক কৰক। প্ৰয়োজন হ’লে এবাৰ কম্পিউটাৰটো restart কৰক। Install for All User থাকিলে এইটোত ক্লিক কৰিব, কেৱল Installত ক্লিক নকৰিব।

    ২) যোৱা জুলাই ২০১৯-অত ৰামধেনু প্লাছৰ এই Geetanjali ফন্ট ইনষ্টল কৰিবৰ বাবে, লগতে Photoshop আৰু InDesign আদিত ফন্টবিলাক দেখা নোপোৱাৰ আসোঁৱাহটো দূৰ কৰিবৰ বাবে নতুনকৈ Magic Font Installer for RamdhenuPlus প্ৰগ্ৰামিং কৰি উলিওৱা হৈছে। ইয়াৰ দ্বাৰা WIN7, 8, 8.1, 10 আদি সকলোতে দুটা মাউছ ক্লিকতে ফন্টবিলাক ইনষ্টল কৰিব পাৰি। এই ফাইলটোৰ password হ’ল www.ubsofts.in বা www.ramdhenuplus.in. এই ফাইলটোৰ ডাউনল’ড লিংক এই ৱেবছাইটটোৰ download option-অত গৈ পাব পাৰিব। download কৰাৰ বাবে আপুনি ফ্ৰী-ৰেজিষ্ট্ৰেইশ্যন কৰি download লিংকটোত ক্লিক কৰিব লাগিব।
     

  • প্ৰ:-ABTT Geetanjali ফন্টত MS-Wordত ‘ক্ৰ’ ‘ক্ত’ টাইপ কৰিব পৰা নাই। কি কৰিম?

  • উ:-ABTT Geetanjali font version 5, 2019 download কৰক। এইটো www.ubsofts.in ৱেবছাইটতে পাব। তাৰ পিছত ইনষ্টল কৰক। ইয়াক download কৰাৰ আগতে আপুনি আপোনাৰ একাউন্টত login কৰি ল’ব লাগিব বা একাউণ্ট নাথাকিলে Sign up কৰিব লাগিব।

  • প্ৰ:- ৰামধেনু প্লাছৰ সৈতে অহা ডংগলটো হেৰাই গ’ল বা চোৰ হ’ল কেৱল ডংগলটো লাগিছিল। চিডিখন মোৰ সৈতে আছে। কিমান পৰিব?

  • উ:- ৰামধেনু প্লাছ Software-টোৰ লাইচেন্স ডংগলটোত দিয়া থাকে। এইটো সযতনে ৰখাৰ দায়িত্ব ব্যৱহাৰ কৰোঁতাৰ নিজৰ। হেৰালে বা চোৰ হ’লে নতুনকৈ কিনাৰ বাহিৰে অন্য উপায় নাই।

  • প্ৰ:- বজাৰত ইয়াতকৈ বহুত কমতে অসমীয়া লিখিব পৰা Software পোৱা যায়। এইটো দাম বেছি দি কিয় কিনিম?

  • উ:- এই Software কেৱল এটা Software নহয়। এয়া এক commitment. কম্পিউটাৰত অসমীয়া, বাংলা আৰু হিন্দী লিখাসকলৰ বাবে ৰামধেনু প্লাছে অসীম প্ৰচেষ্টাৰে পৰ্যাপ্ত আৰু সম্পূৰ্ণ সুবিধা আগ বঢ়াইছে। ই সম্পূৰ্ণ ত্ৰুটিমুক্ত আৰু ব্যৱহাৰৰ অধিক সুচল (আনবোৰৰ তুলনাত)। ইয়াক নিয়মীয়া আপগ্ৰেইড কৰি থকা হয়। ই এটা সাধাৰণ টাইপিং টুল নহয়। ইয়াত বহু সুবিধা সন্নিৱিষ্ট কৰা হৈছে, যেনে- অসমীয়া ভাষাৰ প্ৰথমটো স্বয়ংক্ৰিয় স্পেলচেকাৰ, য’ত বহুল ব্যৱ্হৃত Geetanjali ফন্টত spelling correction কৰি ল’ব পাৰি। Geetanjali-ত লিখা textবোৰ ৱেবপেইজত দিবৰ বাবে Unicode-অলৈ ৰূপান্তৰ কৰিব পাৰি। এনে বহু অতিৰিক্ত আৰু প্ৰয়োজনীয় সুবিধা সন্নিৱিষ্ট কৰা হৈছে।

  • প্ৰ:- Geetanjali-ৰ পৰা Unicode-অলৈ ৰূপান্তৰ যেনেকৈ কৰাৰ সুবিধা কৰি দিছে, তেনেকৈ Unicode-অৰ পৰা Geetanjali-লৈ ৰূপান্তৰ কৰিব পৰা সুবিধা কিয় ৰামধেনু প্লাছে দিয়া নাই?

  • উ:- তেনে সুবিধাৰ ইতিমধ্যে প্ৰগ্ৰামিং কৰি থোৱা আছে। কিন্তু এই সুবিধা নিদিয়াৰ আঁৰত আন এটা কাৰণ আছে। আজিও বহু হাজাৰ হাজাৰ নিবনুৱাই কেৱল অসমীয়া-বাংলা বা হিন্দী টাইপিং কৰিয়েই জীৱিকা অৰ্জন কৰি আছে। এইটো কৰিলে তেওঁলোক বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব বুলি ভাবিয়েই এই কামত আগ বঢ়া নাই। দুজন নিবনুৱাৰ পেটত লাঠ মৰাৰ অপকৰ্মৰ বোজা ল’ব নোৱাৰি অন্ততঃ।

  • প্ৰ:- ৰামধেনু প্লাছ ডংগল নোহোৱাকৈ পাব পাৰি নেকি?

  • উ:- ৰামধেনু প্লাছ ডংগল নোহোৱাকৈ license key কিনিও ব্যৱহাৰ কৰিব পাৰিব। মাথো দুটামান কথা আগত ৰাখিহে কোনটো ল’ব সিদ্ধান্ত ল’ব। (১) ডংগল থাকিলে যিকোনো Windows কম্পিউটাৰ বা লেপটপতে ইনষ্টল কৰি ল’ব পাৰিব, ব্যৱহাৰ কৰাৰ সময়ত ডংগলটো য’ত লগাব তাতেই ব্যৱহাৰ কৰিব পাৰিব। ধৰক, আপোনাৰ অফিচৰ ডেস্কটপত আৰু ঘৰৰ লেপটপত দুয়োটাতে একেটা ডংগল ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে ইয়াক বেছিকৈ ইফাল সিফাল কৰি থাকিলে ই নষ্ট সোনকালে হ’ব। ইয়াৰ অসুবিধা হ’ল, বহুতৰে চোৰ হয় বা ক’ৰ’বাত থৈ পাহৰি যায়। (২) কিন্তু license key থাকিলে যিকোনো এটা কম্পিউটাৰত বা লেপটেপতহে ইনষ্টল কৰিব পাৰিব। license key চোৰ হোৱাৰ বা ক’ৰবাত হেৰুওৱাৰ ভয় নাই।(অৱশ্যে, কম্পিউটাৰ বা লেপটপ চোৰ হ’লে বা নষ্ট হ’লে বেলেগ কথা)। কিন্তু এই license key যিহেতু কম্পিউটাৰৰ হাৰ্ডডিস্ক বা মাডাৰ-ব’ৰ্ড বা চি পি য়ুৰ সৈতে সংলগ্ন হৈ থাকে, গতিকে এইবিলাক বেয়া হ’লে software-টোৱে কাম নকৰিব। তেনে ক্ষেত্ৰত হাৰ্ডডিস্ক বেয়া হ’লে আকৌ এবাৰ নতুনকৈ ৰেজিষ্ট্ৰেইশ্যন কৰি ল’ব পাৰিব। কিন্তু যিহেতু মাডাৰ-ব’ৰ্ড মানেই হ’ল কম্পিউটাৰটোকে বুজায়, ই বেয়া হ’লে বা সলনি কৰিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। যিহেতু কম্পিউটাৰটোৱেই সলনি হৈ যায়।

  • প্ৰ:- ৰামধেনু প্লাছ চি ডিৰ পৰা ইনষ্টল কেনেকৈ কৰিম?

  • উ:- ৰামধেনু প্লাছ ইনষ্টল কৰিবলৈ চি ডিখন ড্ৰাইভত ভৰাই দিলে Autorun হ’ব। তাৰ পিছত ইনষ্টলেইশ্যনৰ নিৰ্দেশনা মতে ইনষ্টল কৰিব পাৰিব। যদি Autorun নহয়, অৰ্থাৎ ইনষ্টলেইশ্যন প্ৰক্ৰিয়াটো নিজে নিজে নাহে, তেতিয়া চি ডিখনৰ ভিতৰত RDHPlusV9301.exe এনে নামৰ Application ফাইলটোত double click কৰক আৰু ইনষ্টলেইশ্যন নিৰ্দেশনাবোৰ অনুসৰণ কৰি যাওক। Postscript fonts (Geetanjalilight আদি)ৰ বাবে < Font Collection\RDH Old Fonts\PFM > folder ৰ ভিতৰত থকা ফন্টবিলাক Ctrl+A মাৰি select কৰক আৰু Right Click কৰি install বা install for all users-অত ক্লিক কৰক। প্ৰয়োজন হ’লে এবাৰ মেছিনটো restart কৰি ল’ব। অথবা নতুনকৈ অহা Magic Font Installer for RamdhenuPlus এপ্লিকেইশ্যনটো ব্যৱহাৰ কৰক, যাৰ পাছৱৰ্ড হ’ল (www.ubsofts.in বা www.ramdhenuplus.in)
     

  • প্ৰ:- ৰামধেনুপ্লাছত Geetanjali ফন্টৰ পৰা Unicode-লৈ ৰূপান্তৰ কেনেকৈ কৰিম?

  • উ:- প্ৰথমতে Geetanjali ফন্টত টাইপ কৰা টেক্সট্খিনি select কৰি কপি কৰি লওক। তাৰ পিছত ৰামধেনু প্লাছৰ Tools Menu-অত ক্লিক্ কৰি Convert Geetanjali to Unicode-অত ক্লিক্ কৰক(বা shift+control+Alter+0 টিপক)। তাৰ পিছত MS Word-অৰ পেইজ এটা লৈ ইয়াক paste কৰক। (বৰ্তমান ৰূপান্তৰ প্লাছ তৈয়াৰ কৰি উলিওৱা হৈছে যিটো আমাৰ ৱেবপেজত কিনিব পাৰিব। ৰূপান্তৰ প্লাছ সম্পুৰ্ণ প্ৰফেশ্বনেল। ৰাইজৰ বিপুল দাবীত এই ভাৰ্চনৰ ৰূপান্তৰ প্লাছত আনকি ইউনিকডৰ পৰা গীতাঞ্জলীলৈও কনভাৰ্ট কৰিব পৰাও সুবিধা আছে।)

  • প্ৰ:- ৰামধেনু প্লাছত Geetanjali ফন্টত Phonetic style বা উচ্চাৰণৰ অনুসৰণ কৰি টাইপ কৰিব পাৰি নেকি? উদাহৰণস্বৰূপে :- ‘কিতাপ’ লিখিবৰ বাবে ‘kitap’ বা ‘বান্দৰ’ লিখিবৰ বাবে ‘bandor’ টাইপ কৰিলে হয় নেকি?

  • উঃ- হয়। Geetanjali ফন্টত তেনেকৈ লিখিবৰ বাবে প্ৰথমতে Language মেনুত AS/BN Phonetic Keyboard Layout-অত চিলেক্ট কৰক।

  • প্ৰঃ- মই ইউনিক’ডত INDIC কিৱৰ্ড লে-আউটত টাইপ কৰিব পাৰো। Geetanjali fontত তেনেকৈ টাইপ কৰিব পৰা যায় নেকি? (যেনেকৈ প্ৰায়বোৰ য়ুনিক’ড টাইপিং টুলত কৰা হয়)। উদাহৰণস্বৰূপেঃ- ‘মোৰ’ লিখিবলৈ ম+ ো কাৰ লিখা ‘কিতাপ’ লিখিবলৈ ক+ ি+ত+া+প।

  • উ:- হয়। Geetanjali ফন্টত তেনেকৈ লিখিবৰ বাবে প্ৰথমতে Language মেনুত AS/BN Phonetic Keyboard Layout-অত চিলেক্ট কৰক তাৰ পিছত Tools Menu-ত গৈ AS/BN non-unicode as INDICত ক্লিক কৰি লওক। এতিয়া টাইপ কৰক।

  • প্ৰ:- ৰামধেনুপ্লাছৰ সৈতে সন্নিৱিষ্ট থকা অসমীয়া একমাত্ৰ স্বয়ংক্ৰিয় স্পেলচেকাৰত কেনেকৈ Geetanjali ফন্টত লিখা text চেক কৰিম?

  • উ:- প্ৰথমতে স্পেলচেকাৰটো খোলক। (ডেস্কট’পৰ ওপৰত কমলা ৰঙৰ এটা আইকন দেখা পাব সেইটোৱেই এই স্পেলচেকাৰ) গীতাঞ্জলী ফন্টত টাইপ কৰাখিনি ক’পি কৰক আৰু স্পেলচেকাৰত paste কৰি দিয়ক। এতিয়া সোঁফালৰ START বুটামটো ক্লিক্ কৰি দিয়ক। প্ৰথমতে ই আপোনা-আপুনি সাধাৰণতে টাইপিং কৰোতে কৰা ভুলবিলাক শুধৰাই ল’ব। তাৰ পিছত ভুল শব্দবিলাক আপোনাক এটা-এটাকৈ দেখাই দিব। দেখাই দিয়া ভুলটোৰ সাম্ভাব্য শুদ্ধ শব্দৰ বিকল্প কিছুমান আপোনাৰ আগত দেখাই দিবলৈ যত্ন কৰিব। যদি উক্ত তালিকাত ভুল শব্দটোৰ শুদ্ধ ৰূপটো বিচাৰি পায়, তেনেহ’লে সেই শব্দটোত দুবাৰ ক্লিক্ কৰি দিব। ভুল শব্দটো দেখুওৱা ঠাইত প্ৰথমতে সেইটো শুদ্ধ হ’ব। ইয়াৰ পিছত সেই শুদ্ধ কৰা শব্দটো ভুল শব্দটোৰ সৈতে সলনি কৰিবৰ বাবে CHANGE বুটামত ক্লিক্ কৰি দিয়ক। নতুবা যদি ভুল বুলি দেখুৱাই দিয়া শব্দটো কোনো ঠাইৰ নাম, মানুহৰ নাম আদি হয় আৰু যদি ই শুদ্ধ ৰূপতে আছে বুলি আপুনি জানে তেনেহ’লে ইয়াক হয় IGNORE বা IGNORE_ALL বুটামত ক্লিক্ কৰি আগলৈ যাবলৈ দিব পাৰে বা ADD বুটামত ক্লিক্ কৰি উক্ত শব্দটো Dictionary-অত ভৰাই ল’ব পাৰে।

  • প্ৰ:- যদি ভুল শব্দৰ বিপৰীতে শুদ্ধ শব্দৰ বিকল্প দেখুওৱা নাই তেন্তে কি কৰিব?

  • উ:- যদি ভুল শব্দৰ বিপৰীতে শুদ্ধ শব্দৰ বিকল্প দেখুওৱা নাই, তেনেহ’লে য’ত ভুল শব্দটো দেখুৱাই আছে তাতেই নিজে টাইপ কৰি শুধৰাই লওক। শুধৰোৱা হ’লে CHANGE বুটামটো ক্লিক কৰি দিয়ক। এইদৰে সম্পুৰ্ণ শুধৰোৱাৰ পিছত Text-খিনি copy কৰিবৰ বাবে COPY বুটামত ক্লিক্ কৰক তাৰ পিছত Pagemaker বা অন্য Application-অত paste কৰক।

  • প্ৰ:- Antivirus software-এ ৰামধেনু প্লাছৰ Application ফাইলটো delete কৰি দিয়ে, বা Qurantine কৰি দিয়ে। কি কৰিম? অথবা ৰামধেনুপ্লাছৰ shortcut-টো Desktop-ৰ পৰা নোহোৱা হৈ যায়। কি কৰিম?

  • উ:- বহুতো Antivirus-এ আমাৰ প্ৰগ্ৰাম-ফাইলটো Virus থকা বুলি সন্দেহতে delete কৰি দিয়ে। সঁচা কথা ক’বলৈ হ’লে এইটো এটা Antivirus software-ৰ বৰ ডাঙৰ drawback বুলি ক’ব লাগিব। তেওঁলোকে প্ৰতিদিনে তেওঁলোকৰ ভাইৰাচ database আপডেট কৰি থাকে, য’ত এনে কিছুমান application file-ৰ signature আপডেট কৰি ৰাখে, যিবিলাকত ফাইল Encrypt কৰা থাকে আৰু তাক তেওঁলোকৰ Antivirus ছফ্টৱেৰৰ দ্বাৰা Decrypt কৰি তাৰ ভিতৰত ভাইৰাচ আছে নে নাই ভালদৰে চাব নোৱাৰে, ফলত তাক সন্দেহত সম্পুৰ্ণ delete নকৰি Quarantine কৰি ৰাখে। ইয়াৰ দ্বাৰা আপোনাক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰা বুলি দাবী কৰা হয়। আচলতে কিছুমানে ভাইৰাছ প্ৰগ্ৰামিং কৰি তেনেদৰে encrypt কৰি ফাইলবিলাক ইন্টাৰনেটত এৰি দিয়ে আৰু তাৰ প্ৰত্যেককে decrypt কৰি virus signature চেক কৰা সম্ভৱ নহয় বাবে প্ৰতিটো encrypted নতুন ফাইল তেওঁলোকে Quarantine কৰাৰ ব্যৱস্থা কৰে। যেতিয়া ভাইৰাচ নথকা ফাইল এটাকো সাম্ভাব্য ভাইৰাছ থকা বুলি কাটি দিয়ে বা Quarantine কৰে ইয়াকে False Positive বুলি কয়। এইখিনি কথা বহলাই ইয়াত কোৱাৰ আচল কাৰণ হ’ল আপোনালোকে যাতে ৰামধেনুপ্লাছৰ ফাইলটোত ভাইৰাচ থকা বুলি ভয় নাখায়। আমাৰ ফাইলবিলাক সম্পুৰ্ণ ভাইৰাচ ফ্ৰী। আনকি ভাইৰাচ লাগিলে আমাৰ ফাইলটো নিজে নিজে এটা মেচেজ দি নচলা হৈ পৰে। গতিকে Quarantine কৰা ফাইলটো Antivirus-অৰ য’ত Quarantine option -টো আছে তাত গৈ Restore আৰু exclude file and folder option-অত ক্লিক কৰি দিব। তেনে কৰিলে ই আৰু false positive নেদেখুৱাব বা delete কৰি নিদিব। Windows defender-অতো একেই কথা, একেই কাম।

bottom of page